আজি পালন হ’ব চুকাফা দিৱস

বৰ অসমৰ গঢ়োতা চাওলুং চুকাফাৰ সোৱঁৰণত আজি ৰাজ্যজুৰি পালন কৰা হ’ব চুকাফা দিৱস । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমাচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হ’ব।
এই অসম দিৱসৰ অথবা চুকাফা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ তপন গগৈৰ লগতে বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকিব।
এই কেন্দ্ৰীয় চুকাফা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক চুকাফা বঁটা প্ৰদান কৰিব।অসমবাসীয়ে ১৯৮৭ চনৰ পৰাই ২ ডিচেম্বৰৰ দিনটো অসম দিৱস অথবা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।

Comments (0)
Add Comment