এইচ আৰ সমাৰোহ অনুষ্ঠিত

চি আই আই এইচ আৰ সমাৰোহৰ অংশস্বৰুপে অনুষ্ঠিত হোৱা এক বৈঠকত অংশ গ্ৰহণ কৰি গোপালকৃষ্ঞনে কয় যে যোৱা ২৫বছৰত ভাৰতে ৬০০বিলিয়ন ডলাৰৰ পৰা ২.৫ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিলৈ গতি কৰিছে অৰ্থাৎ পূৰ্বৰ তুলনাত জনমূৰি আয় ৫ গুণ বৃদ্ধি পাইছে।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ইণ্টাৰনেটৰ সংযোগ উন্নীতকৰণ হোৱাটো প্ৰয়োজনীয়।তথ্য প্ৰযুক্তিৰ সা সুবিধা সমূহ লাভ কৰিবলৈ চৰকাৰ, জনসাধাৰণৰে সমূহীয়াকৈ আগবঢ়া উচিত।এই সমাৰোহখনত ডক্টৰ দেৱেন বুঢ়াগোহাঁই, পি কিশোৰ বাবু, এন এফ ৰেলৱেৰ ভাৰত গোস্বামী, শ্ৰীয়া চন্দক, কাজল শইকীয়া ,অলি বৰাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment