একক প্ৰচেষ্টাৰে পথ নিৰ্মাণ কৰিলে জিমিয়ে

দেখাত এজন সাধাৰণ ব্যক্তি। কিন্তু তেখেতে উজলি উঠিছে অসাধাৰণ কৰ্মৰাজীয়ে। সচৰাচৰ আমি কোনো কামৰ বাবে চৰকাৰ, ৰাইজ অথবা প্ৰশাসনলৈ বাট চাও। আশা কৰো এই ৩ বিধৰ যদি ১ বিধেও সহাঁৰি দিয়ে কাম হৈ যায়। এনে ভাব চিন্তাৰ বিপৰীত মেৰুত অৱস্থান কৰি হাফলংৰ আচিং জিমি নামৰ ব্যক্তিজনে পাহাৰ কাটি জনসাধাৰণৰ বাবে পথ নিৰ্মাণ কৰালে।

উল্লেখযোগ্য যে পাহাৰীয়া ৰাস্তাত বাট পথ সুচল নহয়। যাৰ বাবে ডিহাম্লাই অঞ্চলৰ লোকসকলে বছৰ বছৰ ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছিল। জানিব পৰা মতে নগা, নেপালী, ৰাংখল জনজাতি এলেকাত অৱস্থিত অঞ্চলটোৰ বাসিন্দা সকলে বিভিন্ন সময়ত যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে।

আচিং জিমিৰ প্ৰচেষ্টা এতিয়া অঞ্চল বাসীয়ে সুচল যাতায়ত ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হৈছে। এই ব্যতিক্ৰম খবৰে সকলোকে আনন্দিত কৰি তুলিছে।

সহযোগ কৰিলে পংকজ টিমুং

বিশেষ কৃতজ্ঞতা— হীৰেণ শৰ্মা আৰু পল্লৱ দ্বিজেন

Comments (0)
Add Comment