এঘণ্টাত ২৭ টা নতুন গীতৰ সৃষ্টিৰে বি ভৰতৰ নাম সন্নিবিষ্ট হ’ল ইণ্ডিয়ান বুকছ অব্ ৱৰ্ল্ড ৰেকৰ্ডছত

এঘণ্টাত ২৭ টা নতুন গীতৰ সুৰ সৃষ্টিৰে ইণ্ডিয়ান বুকছ অব্ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিলে অসমৰ প্ৰতিষ্ঠিত গীতিকাৰ, সুৰকাৰ সংগীত পৰিচালক বি ভৰতে। যোৱা ২৮ ফেব্ৰুৱাৰীত নিশা ৮ বজাৰ পৰা ৯ বজালৈ এঘণ্টাত অসংখ্য দৰ্শকৰ উপস্থিতিত গুৱাহাটীৰ জু ৰোডৰ নুপুৰ’ত দৰ্শকে দিয়া একো একোটা স্বৰৰ পৰা থিতাতে কী বৰ্ড হাৰমনিয়াম আৰু গীটাৰৰ সহায়ত মাত্ৰ আঢ়ৈ মিনিটৰ ভিতৰত একো একোটা নতুন গীতৰ সুৰ সৃষ্টি কৰি দৰ্শকৰ মাজত চমক সৃষ্টি কৰিছিল। এক ঘণ্টীয়া এই লাইফ ভিডিঅৰ ভিত্তিতে ইণ্ডিয়ান বুকছ অব্ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল।

সাংস্কৃতিক ক্ষেত্ৰখনত ‘বি ভৰত’ নামেৰে পৰিচিত ভৰত বসুমতাৰীৰ সৰুৰে পৰা সংগীত আৰু অভিনয়ৰ প্ৰতি দূৰ্বলতা আছিল। পিচলৈ সংগীতৰ সাধনাতে নিৰলসভাৱে লাগি পৰা বি ভাৰতে প্ৰথম কথা আৰু সুৰেৰে সজোৱা এলবামটো হ’ল বিদায় পৰত। ১৯৯৭ চনৰ পৰা ১৯৯৮ চনলৈ মুম্বাইত থকা বি ভৰতে সেই সময়ত সংগীত ক্ষেত্ৰখনৰ ভালে কেইগৰাকীমান প্ৰখ্যাত শিল্পীৰ লগতো কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে। ২০০০ চনৰ পৰা গুৱাহাটীত বাস কৰি থকা বি ভৰতে ১৯৯৭ চনত ‘আত্মৰক্ষা’ নামেৰে অসমত প্ৰথম বাৰৰ বাবে ফিউজন মিউজিকৰ এলবাম নিৰ্মাণ কৰে। য’ত অসমৰ দেহ বিচাৰৰ গীতৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ৰক্ মিউজিকৰ অনুপম সংযোজন ঘটোৱা হৈছিল।

বিগত দীঘলীয়া যাত্ৰাত অসংখ্য ছাত্ৰ-ছাত্ৰীক সংগীতৰ শিক্ষা দি অহা বি ভৰতে শতাধিক ধাৰাবাহিকত (দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলৰ) সংগীত দিছে। ডিব্ৰুগড় গুৱাহাটী আৰু পিপিচি(এন এ)ৰ কমিশ্বন প্ৰগ্ৰেমৰ লিষ্টভুক্ত প্ৰযোজক বি ভৰতে অধুনালুপ্ত এন ই টিভিৰ যোগেদি উত্তৰৰ পূৰ্বাঞ্চলৰ প্ৰথম ‘নূপুৰ’ নামৰ নৃত্যভিত্তিক শ্ব’ কৰিছিল। উল্লেখযোগ্য যে ইণ্ডিয়া বুক্ছ অব্ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই এই সন্মানৰ স্বীকৃতি ৰূপে এখন চাৰ্টিফিকেট, এটা ট্ৰফী আৰু এটা মডেল বি ভৰতক প্ৰদান কৰিছে।

Comments (0)
Add Comment