এন আৰ এলে অক্ষয় পাত্ৰ ফাউণ্ডেচনক দুখন ভান প্ৰদান কৰিলে

এন আৰ এলৰ চি এছ আৰ কাৰ্য্যকলাপৰ অধীনত গুৱাহাটী আৰু ইয়াৰ আশে পাশে অৱস্থিত ৬১২খন চৰকাৰী বিদ্যালয়ৰ ৪৬০০০ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰি অহা অক্ষয় পাত্ৰ ফাউণ্ডেচনক অলপতে দুখন ভান এন আৰ এলে প্ৰদান কৰে।কাষ্টম ডিজাইনৰ এই ভান দুখন শীত তাপ নিয়ন্ত্ৰিত হোৱাৰ লগতে মুক্ত ভাৱে নিৰ্মিত ।এই ভান দুখন আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই ।উল্লেখযোগ্য যে অক্ষয় পাত্ৰ ফাউণ্ডেচনে গুৱাহাটীত ২০১০ চনৰ পৰা সেৱা আৰম্ভ কৰিছে।

Comments (0)
Add Comment