এবিধ বিৰল প্ৰজাতিৰ পক্ষীয়ে আশাৰ বতৰা কঢ়িয়াইছে

এটা বিৰল প্ৰজাতিৰ পক্ষী চাবলৈ এখন গাঁৱলৈ প্ৰকৃতিপ্ৰেমীৰ সোঁত বৈছে। জানিব পৰা মতে যোৱা দুমাহৰ পূৰ্বে এই বিশেষ গাঁৱখনলৈ বিৰল প্ৰজাতিৰ পক্ষীৰ আগমনৰ হৈছিল।তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাতীগড় লংকাদ্বীপ গাঁৱৰ এজন ব্যক্তিৰ বাৰীত এই পক্ষীবিধ পোৱা হৈছে।পক্ষীবিধ নাম দিনকণা।প্ৰাপ্ত তথ্য অনুসৰি চীন,ইণ্ডোনেছিয়া, বাংলাদেশ আৰু ভাৰতৰ দক্ষিণ প্ৰান্তত এই পক্ষীবিধ পোৱা যায়।সাধাৰণতে দিনকনা নামৰ এই পক্ষীবিধে দিনত জিৰণি লয় আৰু ৰাতি আহাৰৰ সন্ধান কৰে।এই বিৰল প্ৰজাতিৰ পক্ষীবিধৰ আগমণৰ সম্ভেদ পাই অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতি প্ৰেমী গাঁওখনৈ আগমনৰ হৈছে।ইতিমধ্যে চ’চিয়েল মেডিয়াটো এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পক্ষীবিধৰ সংৰক্ষণ ব্যৱস্থা কৰিলে নিশ্চয়কে গ্ৰাম্য পৰ্যটনে এক মাত্ৰা লাভ কৰিব।

Comments (0)
Add Comment