এল. বি গ্ৰুপৰ সোণালী জয়ন্তী অনুষ্ঠান

এল বি গ্ৰুপৰ সোণালী জয়ন্তী অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হ’ব।প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে  মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজু উপস্থিত থাকিব ।কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত এল. বি গ্ৰুপে জানিবলৈ দিয়ে যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি lndia:Examining the past, interpreting the future শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব ।এল. বি গ্ৰুপে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে।তাৰ ভিতৰত ক্ৰিকেট প্ৰতিযোগিতা, স্বাস্থ্য সজাগতা শিবিৰ, বৃক্ষৰোপন, বৃদ্ধাশ্ৰমৰ বাবে সাহাৰ্য্য প্ৰদান আদিবোৰ অন্যতম ।

Comments (0)
Add Comment