এশ শিশুৱে ইতিহাস ৰচিলে

প্ৰথমবাৰৰ বাবে উত্তৰ পূব গ্ৰন্থমেলাত এশটি দেৱশিশুৱে আজি একেলগে উন্মোচন কৰিলে শিক্ষাবিদ, লেখক ডক্টৰ বসন্ত কুমাৰ ভূঞাৰ চাৰিখন জীৱন কলা সম্পৰ্কীয় ব্যতিক্ৰমী গ্ৰন্থ ।নতুন প্ৰজন্মক জীৱন দিক্ষা প্ৰদান কৰাৰ মানসেৰে ৰচনা কৰা বসন্ত কুমাৰ ভূঞাৰ এই চাৰিখন গ্ৰন্থ হ’ল জীৱন যাপন কলা, সুখী আৰু অৰ্থপূৰ্ণ জীৱন আধাৰ,Managing Life, Astanga niti, আনহাতে একেটা অনুষ্ঠানতে গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা চাৰিটা ভিন্ন ভাষাত অসমৰ জাতীয় সংগীত পৰিবেশন কৰাৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি গ্ৰন্থ মেলাৰ বাকৰিত উপস্থিত থকা গ্ৰন্থ প্ৰেমী ৰাইজক আমোদ দিয়াৰ লগতে সমাদৰ লাভ কৰিব সক্ষম হয়। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত লেখক, সাংবাদিক উজ্জ্বল বৰা বিশেষ ভাৱে উপস্থিত থাকি শিক্ষাবিদ ডক্টৰ বসন্ত কুমাৰ ভূঞাৰ কিতাপ কেইখনে নতুন প্ৰজন্মক উন্নতিৰ বাট দেখুৱাব বুলি মন্তব্য আগবঢ়ায়।তেওঁ লগতে কয় যে ডক্টৰ ভূঞাৰ ইতিপূৰ্বে প্ৰকাশিত ২১খন গ্ৰন্থই ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ ভিন্ন স্তৰৰ মানুহৰ উপকাৰ সাধন কৰিছে।

Comments (0)
Add Comment