কটনিয়ানৰ ব্যতিক্ৰমী প্ৰচেষ্টা

ৰাজ্যৰ সৰ্বত্ৰে দীপাৱলীৰ ব্যাপক উৎসাহ উদ্দীপনা মাজতে এখন ছাত্ৰাবাসৰ আবাসীসকলে গ্ৰহণ কৰা ব্যতিক্ৰমী প্ৰচেষ্টাই  ইতিবাচক প্ৰভাৱ পেলাইছে। যিটো সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলে সমগ্ৰ অসমবাসী ৰাইজক চিন্তিত কৰি তুলিছে ,তেনে সময়তে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ৰজনী কান্ত বৰদলৈ ছাত্ৰাবাসৰ আৱাসী ছাত্ৰ সকলে চাকিৰ পোহৰেৰে পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। আজিৰ ছাত্ৰ কালিৰ নাগৰিক দেশ আৰু জাতিৰ স্বাৰ্থত ছাত্ৰ সমাজে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে একাংশ কটনিয়ানে।

Comments (0)
Add Comment