কাঁহিকুছিত ভূমি সংৰক্ষণ বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন

মেঘালয়ৰ বৰ্ণিহাটত অৱস্থিত সংৰক্ষণ প্ৰশিক্ষণ প্ৰতিস্থানৰ উদোগত তথা উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাহিকুছিৰ সহযোগত যোৱা ১৬ আগষ্টত অসম তথা অৰুণাচল প্ৰদেশৰ ১৭ গৰাকী ভূমি সংৰক্ষণ বিষয়াৰ বাবে এটা দিনজোৰা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। কাহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ চৌহদত আয়োজিত প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষাৰ্থী সকলক ভূমি আৰু জৈৱবৈচিত্ৰতা সংৰক্ষণৰ প্ৰায়োগিক জ্ঞান আৰু কৌশল প্ৰদান কৰা হয়। প্ৰশিক্ষাথী বিষয়াসকলক পুলিবাৰী ব্যৱস্থাপনা, কৃষি বনানীকৰন, সুনিৰ্দিষ্ট কৃষি প্ৰযুক্তি, উদ্ভিদৰ অংগজ বিস্তাৰ পদ্ধতি, জৈৱ উপাদান প্ৰস্তুত কৰণ আদি বিষয়ত সক্ষমতা বৃদ্ধি কৰা হয়। প্ৰশিক্ষণৰ লগত সংগতি ৰাখি প্ৰশিক্ষাথী সকলক বিভিন্ন প্ৰযুক্তিৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে ক্ষেত্ৰ ভিত্তিক প্ৰদৰ্শন কৰায় । প্ৰশিক্ষণ শিবিৰটো উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে পৰিচালনা কৰে।

Comments (0)
Add Comment