কাজিৰঙাৰ পৰা দুজনী গঁড় মানাহলৈ প্ৰেৰণ

শনিবাৰে পুৱাৰে পৰা চলোৱা অভিযানৰ শেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চেতনা নাশক প্ৰয়োগ কৰি দুজনী মাইকী গঁড় কৰায়ত্ত কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷ এই অভিযানৰ নেতৃত্ব দিয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মাই ৷
ডা৹ শৰ্মাৰ নেতৃত্বত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ আৰু বিশ্ব প্ৰকৃতি নিধিৰ পশু চিকিৎসকৰ এটা দলে বিয়লি ৩ মান বজাত চেতনা নাশক প্ৰয়োগ কৰি দুজনী মাইকী গঁড় কৰায়ত্ত কৰে ৷ ইয়াৰ লগে লগে ইণ্ডিয়ান ৰাইনো ভিচন ২০২০ আঁচনিৰ অধীনত মানাহলৈ ২০ টা গঁড় প্ৰেৰণ কৰিবলৈ সক্ষম হ’ল বন বিভাগ ৷ এই আঁচনিৰ অধীনত ২২ টা গঁড় কৰায়ত্ত কৰাৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ আৰু ২ টা গঁড় কৰায়ত্ত কৰিব পাৰিব বন বিভাগে ৷ বাকী থকা দুটা গঁড় কাজিৰঙাৰ পৰা কৰায়ত্ত কৰি পবিতৰা বা বুঢ়াচাপৰিলৈ প্ৰেৰণ কৰা হ’ব বুলি সাংবাদিকক জনায় বন্যপ্ৰাণী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে ৷
কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ অতিথিশালাত আয়োজিত সংবাদমেলত বিষয়াগৰাকীয়ে কয় যে অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ জনসংখ্যা ৩০০০ কৰাৰ লক্ষ্যৰে ২০০৫ চনতেই আৰম্ভ কৰিছিল ইণ্ডিয়ান ৰাইন’ ভিচন ২০২০ নামৰ এক অভিলাষী আঁচনি ৷ গঁড় থকা অঞ্চলৰ পৰা গঁড় নোহোৱা হৈ যোৱা বনাঞ্চলত পুনৰ গঁড় সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়  ৷ ২০০৮ চনৰ পৰা ২০১২ চনলৈকে পবিতৰা অভয়াৰণ্যৰ পৰা ১০টা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৮টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এই ১৮টা গঁড়ৰ জনসংখ্যা বৃদ্ধি হৈ সম্প্ৰতি ৪০ হৈছেগৈ বুলি জনায় বিষয়াগৰাকীয়ে ৷ সংবাদ মেলত এম কে যাদৱৰ উপৰিও অভিযানৰ নেতৃত্ব লোৱা মুখ্য বন সংৰক্ষক উৎপল বৰা আৰু কাজিৰঙাৰ সঞ্চালক পেৰিয়া স্বামী শিৱকুমাৰো উপস্থিত থাকে ৷ এই অভিযানত বিশ্ব প্ৰকৃতি নিধি, ইন্টাৰনেচনেল ৰাইন’ ফাউণ্ডেচন, আৰণ্যক, অসম চৰকাৰৰ বন বিভাগ আৰু বড়ো স্বায়ত্ত শাসিত পৰিষদে বিশেষ সহযোগিতা আগবঢ়ায় ৷
সম্প্ৰতি কটকটীয়া নিৰাপত্তাৰে এদল অভিজ্ঞ পশু চিকিৎসকৰ সৈতে দুখন ট্ৰাকেৰে গঁড় দুজনীক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱা হৈছে ৷ দেওবাৰে পুৱা মানাহত গঁড় দুজনী মুকলি কৰি দি কিছুদিনলৈ পৰ্যৱেক্ষণত ৰখা হ’ব ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকা৷

Comments (0)
Add Comment