কিতাপ পঢ়ো আহক শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত

মহানগৰীৰ নুনমাটি হাইস্কুলত ” কিতাপ পঢ়ো আহক” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। “কিতাপ পঢ়ো আহক” নামৰ এই বৌদ্ধিক আন্দোলন আৰম্ভ কৰিছে তেজপুৰৰ এগৰাকী শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰাই। সাংবাদিক, লেখক হেমন্ত শৰ্মাৰ “প্লাষ্টিকৰ পৃথিৱী” নামৰ গ্ৰন্থখনিৰে বিশ্বনাথ জিলাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা এতিয়া ক্ৰমশঃ আগবাঢ়ি গৈছে। এই গ্ৰন্থ আন্দোলনৰ বাবে তেওঁ বিভিন্ন স্থানত বিশেষকৈ বিদ্যালয় আৰু শিক্ষক সভাসমূহত সজাগতা আৰম্ভ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ সাধ্য অনুসাৰে কিতাপ যোগান ধৰিছে। আজি মহানগৰীস্থ বিদ্যালয়খনত অনুষ্ঠিত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংবাদিক, লেখক হেমন্ত শৰ্মাই গ্ৰন্থ অধ্যয়নৰ বিষয়ে গুৰুত্ব প্ৰদান কৰি বিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰি লেখা মেলা কৰাৰ বাবে উৎসাহিত কৰে। আনহাতে, গ্ৰন্থ প্ৰকাশন গোষ্ঠী “খোজ”ৰ স্বত্বাধিকাৰী উৎপল পাটোৱাৰীয়েও অনুষ্ঠানটিত উপস্থিত থাকি মূল্যৱান বক্তৃতাৰে গ্ৰন্থ জগতখনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। সভাত নুনমাটি হাইস্কুলৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
 

Comments (0)
Add Comment