কেপ্তেইন জিন্টু গগৈৰ নামত তোৰণ,পথ উদ্বোধন

কাৰ্গিলৰ বীৰ সৈনিক অসম সন্তান কেপ্তেইন জিন্টু গগৈৰ নামত অসম উৎসৰ্গা কৰা হৈছে এটা গড়কাপ্তানি পথ। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলাৰ খুমটাই বাদুলিপাৰাত পথ আৰু স্থায়ী তোৰণ উদ্বোধন কৰে।
 
 
উল্লেখযোগ্য যে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত বৰ্ষত শ্বহীদৰ বাসগৃহলৈ আহি পথটো সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।পথটোৰ উদ্বোধনী অনুষ্ঠানত কেপ্তেইন জিন্টু গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া ঠগীৰাম গগৈ ,মাতৃ দুলুপ্ৰভা গগৈ,৭৭ নম্বৰ বিগ্ৰেডিয়াৰ কমাণ্ডাৰ শচীন মেহতা,মেজৰ বিনম্ৰ গুপ্তা,স্থানীয় বিধায়ক মৃণাল শইকীয়াকে ধৰি বিভিন্ন উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment