ক্ৰীড়াৰ লগতে পৰ্যটনৰ বাৰ্তা দিলে খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানে

আজি আনুষ্ঠানিকভাৱে আৰম্ভ হয় খেলো ইণ্ডিয়াৰ গেমছ ।খেলো ইণ্ডিয়া গেমছ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে ।বিশেষকৈ আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত যি সকল প্ৰতিযোগীয়ে সুনাম কঢ়িয়াই আনিছে, সেই সকল প্ৰতিযোগীক ১কোটি ৫০লাখ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে।বিভিন্ন ঠাইত আৰ্চাৰী, একাডেমী পতাৰ উপৰিও চাবুৱাত শংকৰদেৱৰ নামেৰে ক্ৰীড়া বিশ্ব বিদ্যালয় গঢ দিয়াৰ বাবে অগ্ৰসৰ হৈছো।উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে কয় ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত বৰ্ষক বিশ্বৰ ভিতৰতে আগশাৰী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।ইয়াৰ সমান্তৰাল ভাৱে ফিট ইণ্ডিয়া জাগৰণক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে।খেলো ইণ্ডিয়া উদ্বোধনী অনুষ্ঠানত খেলো ইণ্ডিয়াৰ শিখা প্ৰথমে কঢ়িয়াই নিয়ে ক্ৰীডাবিদ জয়ন্ত তালুকদাৰ আৰু দিপা কৰ্মকাৰে।সাংস্কৃতিক অনুষ্ঠানত শংকৰ মহাদেৱনে সংগীত পৰিবেশন কৰে।উল্লেখযোগ্য যে আৰম্ভণিতে অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অসমৰ সংস্কৃতি, পৰ্যটন, ঐতিহ্যক সুন্দৰকৈ খেলো ইণ্ডিয়াৰ জৰিয়তে দাঙি ধৰা পৰিলক্ষিত হয়।ইয়াৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰই প্ৰসাৰ লাভ কৰিব বুলি আশা কৰিব পাৰি ।স্মতব্য যে খেলো ইণ্ডিয়াৰ অনুষ্ঠান ২২জানুৱাৰীত অন্ত পৰিব।

Comments (0)
Add Comment