ক’ৰণাক প্ৰতিহত কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে এখন বিদ্যালয়ে

ক’ৰণা ভাইৰাছৰ আতংক সৰ্বত্ৰে বিৰাজ কৰিছে।যাৰ বাবে সমূহ শিক্ষানুষ্ঠান, জিম,চিনেমা হল, বাৰ আদিক  চৰকাৰ তথা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে ।এনে সময়তে টীয়কৰ এখন শিক্ষানুষ্ঠানে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
 
যোৰহাট শিক্ষাখণ্ডৰ কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী ৰূপায়িত হৈছে ।কাৱৈমাৰী কুমাৰভেটি অঞ্চলত প্ৰধান শিক্ষক দিগন্ত চাংমাই আৰু পৰিচালনা সমিতিৰ নবীন ৰবি দাসৰ উদ্যাগত ক’ৰণা ভাইৰাছৰ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে।
 
 
 
 
ক’ৰণা ভাইৰাছৰ লক্ষণ, সংক্ৰমণ ,প্ৰতিৰোধৰ উপায় সম্পৰ্কীয় ,প্ৰচাৰ পত্ৰিকা ,জনসাধাৰণৰ মাজত বিতৰণ কৰিছে।লগতে বেনাৰ, ফেষ্টুন আদিলৈ জনসজাগতামূলক কাৰ্য্যসূচীৰ অংশ লৈছে।বিদ্যালয়খনে গ্ৰহণ কৰা এই প্ৰচেষ্টাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Comments (0)
Add Comment