খেলো ইণ্ডিয়া গেমছত প্ৰথমটো সোণৰ পদক লাভ কৰিলে

গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেমছত  প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিলে  পূজা বসুমতাৰীয়ে।উল্লেখ্য যে পূজাই ৫৭ কেজি শাখাৰ জুড’ প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক লাভ কৰে।স্মৰ্তব্য যে পূজাই ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ্ গেমছৰ জুড’ প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।ইতিমধ্যে খেলুৱৈ গৰাকীয়ে পাঞ্জাৱৰ গোৱালিয়ৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।ইতিপূৰ্বে অসমৰ উপাসা তালুকদাৰে জিমনাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত মহাৰাষ্ট্ৰ সৰ্বমুঠ ২৯ টা পদকেৰে শীৰ্ষ স্থানত আছে।ইয়াৰে ভিতৰত ৯ টা সোণ,৮ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক।

Comments (0)
Add Comment