গণৰাজ্য দিৱসত অসমৰ ১১৬ গৰাকী কেডেটে অংশগ্ৰহণ কৰিব

এইবাৰ নতুন দিল্লী অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উত্তৰ-পূব মণ্ডলৰ পৰা স্থল,নৌ আৰু বায়ু শাখাৰ ১১৬ জন কেডেটে অংশগ্ৰহণ কৰিব ।গুৱাহাটীৰ নাৰেংগী চাউনীত ৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত আখৰাত  অসমকে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ তিনিওটা শাখাৰ ২৭২ জন কেডেটৰ পৰা  এই  কাৰ্যসূচীত ভাগ ল’বলগীয়া কেডেটৰ দলটো নিৰ্বাচন কৰা হয়।অহা ২৯ ডিচেম্বৰত চূড়ান্ত আখৰা সামৰণি পৰিব আৰু সেইদিনাই গুৱাহাটীৰ পৰা ৰেলযোগে নিৰ্বাচিত দলটো দিল্লীৰ অভিমুখে যাত্ৰা কৰিব।আনহাতে ২৪ ডিচেম্বৰত এন চি চি ৰ শ্বিলংস্থিত উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল বিপিন বাগচীয়ে নাৰেংগী সেনা চাউনীত চলি থকা প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত শিবিৰ পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰি মেজৰ জেনেৰেল বিপিন বাগচীয়ে নতুন দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত যাতে উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে।পৰিদৰ্শন কালত মুখ্য প্ৰশিক্ষণ বিষয়া বিপ্ৰেডিয়াৰ বি পি পালকে ধৰি নাৰেংগী সেনা চাউনীৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখযোগ্য যে নতুন দিল্লীত উত্তৰ পূব কেডেটৰ দলটোৱে গাৰ্ড অব অনাৰ,ৰাজপথ ড্ৰীল,প্ৰধানমন্ত্ৰী ৰেলী,ফায়াৰিং,ফ্লেগ এৰিয়া প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ  কৰিব।

Comments (0)
Add Comment