গামোচাত প্ৰাণ পালে জুবিনৰ গানে

এইবাৰ গামোচাত প্ৰাণ পালে নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ দুটা গীতে।জুবিন গাৰ্গৰ অ’ দেউতা আৰু অ’ মা শীৰ্ষক গীত দুটা গামোচাত তুলি ধৰিছে ধেমাজি জোনাইৰ শিপিনী জিনু চুতীয়াই।তেখেতে ৮ ফুট দৈৰ্ঘ্য আৰু ২ফুট প্ৰস্থৰ এখন গামোচাত এই বিশেষ গান দুটা বৈ উলিয়াইছে।এই সম্পৰ্কে জিনু চুতীয়াই এনেদৰে কয়-মোৰ ল’ৰা দুটাই এই গান দুটা ভাল পাই আৰু গাই থাকে।সিহতৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত এনেদৰে বৈ উলিয়ালো।উল্লেখযোগ্য যে জিনু চুতীয়াই ইতিপূৰ্বেও শংকৰদেৱৰ বৰগীত, অসম সাহিত্য সভাৰ সভাপতি সকল, ভাৰতৰ নেতা সকলৰ নাম আৰু প্ৰতিছবি কাপোৰত বৈ উলিয়াইছিল।পেছাত শিক্ষয়ত্ৰী জিনু চুতীয়াৰ এই কৰ্মই জুবিন প্ৰেমীক উৎসাহিত কৰি তুলিছে ।

Comments (0)
Add Comment