ঘোঁৰামাৰীত ভূপেন্দ্ৰ সংগীতৰ দহদিনীয়া কৰ্মশালা আৰম্ভ

শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী ঘোঁৰামাৰীত ঘোঁৰামাৰী আঞ্চলিক প্ৰেক্ষাগৃহ আৰু জ্যোতি-বিষ্ণু সাংস্কৃতিক ভৱন পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা ভূপেন্দ্ৰ সংগীতৰ দহদিনীয়া কৰ্মশালা আৰম্ভ হৈছে । কৰ্মশালাখনিত ঘোঁৰামাৰী,বালিপৰা ,পাটগাঁও, ঢেঁকীদল, টুবুকীঝাৰ, বৈঠাভংগা আদি অঞ্চলৰ ভালে সংখ্যক কণ কণ শিশুৱে অংশগ্ৰহণ কৰিছে।অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মুৰুলী নাথ।কৰ্মশালাখনিত লগতে উপস্থিত থাকে সমাজসেৱক প্ৰশান্ত দাস, সংগীতশিল্পী বিনন বড়োৰ লগতে ভালেমান ৰাইজ, বিশিষ্ট ব্যক্তি।উল্লেখ্যে যে, কৰ্মশালাখনি অহা ৩০ অক্টোবৰত সামৰণি পৰিব।

Comments (0)
Add Comment