চানডুবিত হলৌ বান্দৰৰ সন্ধান পোৱা গৈছে-কিন্তু কেনেকৈ

প্ৰকৃতিপ্ৰেমীৰ বাবে সুখবৰ।বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ সন্ধান চানডুবিত পোৱা গৈছে।এই কথা প্ৰকাশ কৰিছে গোৱালপাৰাৰ ফটোগ্রাফী চ’ছাইটিৰ বেঞ্জামিন কামানে।জানিব পৰা মতে হলৌ বান্দৰৰ মাত চানডুবিত আগৰেপৰা শুনিবলৈ পোৱা গৈছিল।মাতৰ উৎসৰ পম খেদি ফটোগ্রাফী দলটোৱে চানডুবিত ২০১৮ চনৰ পৰা উমান লৈছিল যদিও ২০১৯ বৰ্ষৰ ৮ ডিচেম্বৰত সন্ধান  পায়।এই সম্পর্কে বেঞ্জামিন কামানে কয় যে যোৱা ৮ ডিচেম্বৰত আমি ৫ জন সহযোগীয়ে হলৌ বান্দৰ প্ৰত্যক্ষ কৰিছিলো।সম্ভৱত এই  বান্দৰৰ ৩ পৰিয়াল চানডুবিত আছে।উল্লেখযোগ্য যে বেঞ্জামিন কামানৰ দলটোত আছিল সাৰাংগ ধৰ ,অভিলাষ ৰাভা,বিশ্বজিৎ ৰাভা আৰু অজয় ৰাভা নামৰ ফটোগ্ৰাফাৰ কেইজন।স্মৰ্তব্য যে হলৌ বান্দৰক ফটো তোলাটো এক দু:সাধ্য কাম।কিয়নো হলৌ বান্দৰে মানুহৰ উপস্থিতিলৈ বৰ ভয় কৰে।শেহতীয়াকৈ চানডুবিত সন্ধান পোৱা হলৌ বান্দৰ কেইটায়ে প্ৰকৃতি প্ৰেমীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।সহযোগ কৰিলে দুধনৈৰ পৰা অৰূপ কুুুুমাৰ নাথে.. 

Comments (0)
Add Comment