চাহ বাগিছা অধ্যুষিত অঞ্চলত চুটি ছবিৰ জৰিয়তে ক’ৰণাৰ সজাগতা অনাৰ প্ৰয়াস কৰিছে

ক’ৰণা ভাইৰাছ আতংক অব্যাহত থকাৰ সময়তে চাহ বাগিছাৰ অঞ্চলৰ লোক সকলক সজাগ কৰি তোলাৰ বাবে প্ৰয়াস কৰিছে এজন সাংস্কৃতিক কৰ্মীয়ে ।নগাঁও চেপানলাৰ মংঙ্গল নায়ক নামৰ ব্যক্তিজনে চাহ বাগিছা লোক সকলে সহজতে বুজিব পৰাকৈ দুখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে।
 
ছবি দুখনৰ মাধ্যমেৰে নায়কে ক’ৰণা ভাইৰাছৰ সজাগতা আৰু কিদৰে লক ডাউনৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢাব লাগে সেই সম্পৰ্কে সজাগতা অনাৰ বাৰ্তা দিছে।
 
উল্লেখযোগ্য যে ছবিখনত অভিনয় কৰিছে পত্নী,পুত্ৰ,আৰু জীয়াৰীয়ে।ছবিখনে ইতিমধ্যে চ’চিয়েল মেডিয়াত জনপ্ৰিয়তা লাভ কৰিছে।মঙ্গল নায়কৰ এই কৰ্মক সচেতন মহলে শলাগ লৈছে।

Comments (1)
Add Comment
  • মনিশ ঠাকুৰ

    শিল্পী মঙ্গল নায়ক আইনা বোলছবি ৰে আত্মপ্ৰকাশ কৰি চাহ জনগোষ্ঠী কলাকৃষ্টিৰ উত্তৰণৰ সক্ৰিয়ভাবে জড়িত এগৰাকী নীৰৱ শিল্পী। মই তেওঁক জনাৰ পৰা প্ৰতিভাৰ। উমান পাই বিভিন্ন ঠাইত চিনাকি কৰাই ৰাইজৰ আদৰৰ পথ এটি লোৱাৰ পৰামৰ্শ দিছিলোঁ।আৰ্থিক দৈন্যতা বহু সময়ত শিল্পী সকলৰ মনোবল হ্ৰাস কৰা দেখিছোঁ। মঙ্গল নায়ক ঠিকাদাৰ কৰা পোৱা টকা চিনেমা কৰা প্ৰযোজক,,পিছত উৎস বিচাৰি গায়ক হিচাবেও চিনাকি মুখ। বৰ্তমান পৰিয়ালৰ পোহপাল দিবলৈ ব্যক্তিগত মালিকানাধীন প্ৰতিষ্ঠান ৰ কৰ্মচাৰী। শিল্পী সত্বা এতিয়াও জাগ্ৰত যি সূপ্ত। সেয়ে উৎসাহ পালে সৃষ্টিশীল সমাজ জীৱনৰ কামবোৰ কৰাৰ সামৰ্থৰ প্ৰমাণ দাঙি ধৰিছে।অসমৰ চৰকাৰী আঁচনিৰ যতকিঞ্চিত সহায় পালে এই প্ৰতিভাৰ নিশ্চয় উন্মেষ ঘটিব।