চি বি এছ ই চুড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা

আজি ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত চি বি এচ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।দশম শ্ৰেণীৰ পৰীক্ষাত প্ৰায় ৩৪.৮ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ উপৰিও দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰায় ১৬.৯ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল । দশম শ্ৰেণীৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা মাৰ্চৰ ১০ তাৰিখলৈ অনুষ্ঠিত হোৱাৰ ওপৰিও দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা এপ্ৰিলৰ ৫ তাৰিখলৈ।

উল্লেখ্য যে, দশম শ্ৰেণীৰ পৰীক্ষাত ২১.৪ লাখ ছাত্ৰী আৰু ১৩.৪ লাখ ছাত্ৰ অৱতীৰ্ণ হৈছিল আনহাতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতসৰ্বমুঠ ১৬.৯ লাখ পৰীক্ষাৰ্থীৰ মাজত ছাত্ৰী আছিল ৭.৪ লাখ আৰু ছাত্ৰ আছিল ৯.৫১ লাখ।দশম শ্ৰেণীৰ পৰীক্ষাত শতকৰা উত্তীৰ্ণৰ হাৰ ৯৩.১২ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এই হাৰ ৮৭.৩৩ শতাংশ।

Comments (0)
Add Comment