জামুগুৰিহাটৰ পৰা ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ ৰাওনা হ’ল একাংশ যুৱতী

যি সময়ত আফগানিস্তানত মহিলা সকলে বোৰ্খা পিন্ধা আৰম্ভ কৰিছে সেই সময়ত অসমৰ যুৱতীয়ে টেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাবে আগবাঢ়িছে ৷ এই বতৰা চতিয়া সমষ্টিৰ নাগশংকৰত ৷ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা একাংশ যুৱতীয়ে টেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য এটাই ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই এই সকল যুৱতীয়ে খেতি কৰিব ৷ ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ মেচিনাৰী ফ্ৰামত ট্ৰেক্টৰৰ লগতে বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাৱে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শুক্ৰবাৰে এইদৰে প্ৰশিক্ষিত মহিলা সকলক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৰাজহুৱা সম্বৰ্দ্ধনা জনাই গৰুখুটিলৈ প্ৰেৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment