জীৱনৰ বিয়লি বেলাতো হাৰ নমনা অক্লান্ত যোদ্ধা

সামাজিক কাম সকলোৰে কৰে। কিন্তু গাঁঠিৰ ধন ভাঙি সমাজৰ বাবে কাম কৰা মানুহৰ সংখ্যা তেনেই নগণ্য। আজি যাৰ বিষয়ে জনাবলৈ লৈছো তেখেতে কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় সমাজৰ বাবে গাঁঠিৰ ধন ভাঙি সেৱা আগবঢ়াইছে।

দেৰগাঁৱৰ মিছামৰাৰ খৰ্গেশ্বৰ বৰা নামৰ ব্যক্তি গৰাকীয়ে ঘৰতে নিৰিবিলি নামৰ পুথিভঁৰাল গঢ়ি তুলিছে। ডি কে ডি কলেজৰ অৱসৰপ্ৰাপ্ত লাইব্ৰেৰীয়ান খৰ্গেশ্বৰ বৰাই‌ অৱসৰৰ পিছত এই পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছে। নিৰিবিলি পুথিভঁৰালত মহৎ ব্যক্তি সকলৰ ৰচনাৱলী, উপন্যাস, ধৰ্ম গ্ৰন্থকে ধৰি প্ৰায় ২৫০০ খন গ্ৰন্থ সংগ্ৰহিত হৈ আছে। এই সম্পৰ্কত খৰ্গেশ্বৰ বৰাই কয় যে কলেজত কাম কৰা দিনৰে পৰা পুথিৰ লগত ঘনিষ্ঠতা গঢ়ি উঠে। গ্ৰন্থ ক্ৰয় কৰা আৰু সংগ্ৰহ কৰা একপ্ৰকাৰৰ ৰাপ হৈ পৰে। সেয়েহে পৰৱৰ্তী সময়ত উত্তৰ প্ৰজন্মৰ কথা চিন্তা কৰি পুথিভঁৰালতো প্ৰতিষ্ঠা কৰো। এই ক্ষেত্ৰত তেওঁৰ পুত্ৰ ভাস্কৰ বৰাই সহযোগিতা আগবঢ়ায়।

স্মতৰ্ব্য যে এই পুথিভৰালটোলৈ গ্ৰন্থ অধ্যয়ন অথবা গৱেষণাৰ কামৰ বাবে বিভিন্ন ঠাইৰ ব্যক্তি আহে। পুথিভঁৰালটো আনুষ্ঠানিক ভাৱে ২০১৪ চনত পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰা হয়।জীৱনৰ বিয়লি বেলাত সমাজৰ বাবে বিশেষ অৱদান আগবঢ়োৱা খৰ্গেশ্বৰ বৰাক Nefocus.comৰ তৰফৰ পৰা জনালোঁ অনেক শুভকামনা।

Comments (0)
Add Comment