জুবিনৰ শ্লোগান ৰান হিমা ৰান

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিভিন্ন সময়ত সামাজিক কামৰ লগত জড়িত হৈ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি আহিছে।উদাহৰণস্বৰূপে বানপানীৰ সময়ত সাহাৰ্য্য প্ৰদান অথবা দৰিদ্ৰ ৰোগীজনক সাহাৰ্য্য প্ৰদানৰ কাম অন্যতম। অতি ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতো ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছৰ অনুষ্ঠান উপভোগ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় শিল্পীগৰাকী।উল্লেখযোগ্য যে অসম গৌৰৱ এথলীট হিমা দাসৰ আমন্ত্ৰণ মৰ্মে শিল্পীগৰাকীয়ে আজি ইণ্ডোনেছিয়ালৈ উৰা মাৰিব। ৰান হিমা ৰান শ্লোগান লৈ আজি জাকাৰ্টাৰ অভিমুখে যাত্ৰা কৰিব। স্মৰ্তব্য যে এইবাৰ অসমৰ পৰা এছিয়ান গেমছত ৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

Comments (0)
Add Comment