টীয়কৰ ক’ৰণা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ ল’লে দুই মন্ত্ৰী মহন্ত, পেগুৱে

সমগ্র ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰদান কৰা ক’ৰণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লোৱা উদ্দেশ্যে বুধবাৰে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে জিলাখনৰ টীয়ক সমষ্টিৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । পুৱাৰ ভাগত শিক্ষা মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰানোজ পেগুৱে টীয়ক হাইস্কুল, বনাই হাইস্কুল, কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষেধক কেন্দ্ৰ তিনিটা পৰিদৰ্শন কৰি স্বাস্থ্য কৰ্মী,সাধাৰণ লোকৰ লগত মত বিনিময় কৰাৰ লগতে কেন্দ্ৰ কেইটাৰ সা-সুবিধা সন্দৰ্ভত বুজ লয় । ইপিনে বিয়লি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মৰিয়নি সমষ্টিৰ কলিয়াপানীৰ সমীপৰ এটা কেন্দ্ৰৰ ওপৰি টীয়কৰ চেনী আমগুৰি হাইস্কুলৰ প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে ।পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰদান কৰে । আজি পৰ্যন্তযোৰহাট জিলাত ২৪ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা বুলি উল্লেখ কৰে । ইপিনে টীয়ক এফ আৰ ইউ খনৰ আন্ত: গাঠনি শীঘ্ৰে উন্নয়ন সাধন কৰা হব বুলি মতপোষণ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । তদুপৰি কাৱৈমাৰী আৰু গোঁহাই গাঁৱৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো দুৱাৰ মুকলি নোহোৱা প্ৰাথমিক চিকিৎসালয় দুখন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী মহন্তই।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে..

Comments (0)
Add Comment