পৰম্পৰাগত ৰীতিয়ে ডিব্ৰুগড়ত উদযাপিত হ’ল আলি আই লৃগাং

ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ উদ্যোগত আজি অনুষ্ঠিত হ’ল আলি আই লৃগাং। আজি পুৱা বৃক্ষৰোপনেৰে কাৰ্যসূচী লৃগাঙৰ কাৰ্যসূচী আৰম্ভ হয়।
লৃগাঙৰ মাংগলিক কাৰ্যসূচী শুভাৰম্ভ কৰে ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ সভাপতি লক্ষনাথ দলেয়ে।ইয়াৰ পিছতে সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়।
 
লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ডিব্ৰুগড় টাউন মিচিং কেবাং উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি উপস্থিত থাকি ডিব্ৰুগড়ত এখন মিচিং ভৱন নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।
 
সভাত মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ জৱাহৰজ্যোতি কুলি আৰু বিশিষ্ট চিকিৎসক ডাঃ অজিত পেগু, কেবাঙৰ উপদেষ্টা লক্ষনাথ কুলি, ৰূপনাথ পেগু, পূন্যনাথ পাংগিং  উপস্থিত থাকে।

Comments (0)
Add Comment