দিন হাজিৰা কৰা সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মহানগৰীৰ সমীপৱৰ্তী অঞ্চলত বহুকেইটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।
 
 
উল্লেখযোগ্য যে  মন্ত্ৰীগৰাকীয়ে ঘৰে ঘৰে গৈ চাউল, দাইল, আলু, নিমখ বিতৰণ কৰে।মহানগৰীৰ সমীপৱৰ্তী চানাবস্তি, ফাঁচীবজাৰ,আঠগাঁও আদি অঞ্চলৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে।
 
 
এই সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় যে আমি বুথ পৰ্য্যায়ত প্ৰায় ১০,০০০ দৰিদ্ৰ পৰিয়ালক চিনাক্ত কৰি এখন তালিকা প্ৰস্তুত কৰিছো।পৰৱৰ্তী পৰ্য্যায়ত আমাৰ কৰ্মীসকলে বাকী থকা সকলক খাদ্য সামগ্ৰী  বিতৰণ কৰিব ।

Comments (0)
Add Comment