বিদেশত দীপৰ বিলক পোচাকেৰে প্ৰতিনিধিত্ব কৰিলে অসম সন্তানে

বিদেশত থাকিও অসমৰ প্ৰকৃতি, পৰিবেশক জিলিকাই বিশ্বজুৰি সমাদৰ লাভ কৰিছে এগৰাকী অসম সন্তানে।মহানগৰীৰ জয়ানগৰৰ ৰিয়া ৰাজ গগৈয়ে সম্প্ৰতি কানাডাৰ ৱাটাৰলু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।ৰিয়াৰাজে দীপৰ বিলৰ পৰিবেশক লৈ পলিথিনৰে সাজপাৰ তৈয়াৰ কৰিছে।বিভিন্ন ফেশ্বন শ্ব’ত সেই সাজপাৰ প্ৰদৰ্শিত হোৱাৰ লগতে কানাডাৰ ৱাটাৰলু সংগ্ৰহালয়ত প্ৰদৰ্শনী কৰি ৰাখিছে।
এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰিয়াৰাজে এনেদৰে কয়-মই ফেশ্বন উদ্যোগৰ লগত জৰিত হোৱা ২বছৰ মান হৈছে।ফেশ্বন ডিজাইনিং কৰাটো মোৰ এক প্ৰকাৰৰ হবি।কানাডালৈ উচ্চ শিক্ষাৰ বাবে আহিছিলো।অৱশ্যে নভবাকৈয়ে ফেশ্বনৰ লগত জৰিত হৈ পৰো।
ৰিয়াৰাজে যেতিয়া ঘৰলৈ আহিছিল দীপৰ বিলৰ ফালে গৈছিল, আৰু দীপৰ বিলৰ প্ৰকৃতিক সৌন্দৰ্য্য দেখি আত্মহাৰা হৈ পৰিছিল।উল্লেখযোগ্য যে ৰিয়াৰাজে প্ৰস্তুত কৰা ৩যোৰ পোচাকেই প্ৰকৃতিৰ অৰ্থবহ ছবিক প্ৰতিনিধিত্ব কৰে।ভবিষ্যতে অসমলৈ আহি প্ৰকৃতি সুৰক্ষা,সজাগতাৰ কামত আত্মনিয়োগ কৰাৰ কথা জানিবলৈ দিয়ে।

Comments (0)
Add Comment