দুঃসাহসিক ক্ৰীড়া আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সন্মিলন আৰম্ভ

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি আজিৰে পৰা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত আৰম্ভ হৈছে আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক সন্মিলন।হোজাই মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে আয়োজন কৰা এই সন্মিলনখনৰ থিম হৈছে challenging frontiers of applied biology. এই সম্পৰ্কে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই কয় যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, দুঃসাহসিক ক্ৰীড়াক জনপ্ৰিয়কৰণ কৰা উদ্দেশ্যেৰে সন্মিলনখন আৰম্ভ হৈছে ।এই সন্মিলনখন তিনিদিনীয়াকৈ চলিব।বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৱেষণা পত্ৰ দাখিল কৰিব।উল্লেখযোগ্য যে সন্মিলনখনৰ প্ৰশিক্ষক হিচাপে অংশ লৈছে থাইলেণ্ডৰ সংকলা বিশ্ববিদ্যালয়ৰ চাৰাৱথ চেচহ, ৱল্ড ৰিচাৰ্চ এচ’চিয়েচনৰ প্ৰতিষ্ঠাতা ডক্টৰ শংকৰ গাৰ্গ আৰু কেইখন মহাবিদ্যালয়ৰ পৰা অহা প্ৰৱক্তাই।স্মতব্য যে এই সন্মিলনখন আগবঢ়াই নিয়াত সহযোগ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে।

Comments (0)
Add Comment