দুটা বিশেষ খবৰ

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন কেম্প আয়োজন কৰিছে। অহা ১ জুলাইৰ পৰা ২২ জুলাইলৈ আৰম্ভ হ’ব লগা কেম্পত আৰ্ট, ক্ৰাফট আৰু কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিয়া হ’ব। আগ্ৰহী সকলে ০৩৬১ ২৩৬১৬৯৯ অথবা ৯৩৬৫৭৩৮০৬২ নম্বৰত যোগাযোগ কৰি নাম পঞ্জীয়ন কৰিব পাৰিব।

আনহাতে অলপতে মহানগৰীৰ হ’লীহোম চেকেণ্ডাৰী স্কুলত পুথিভঁৰাল দিৱস অনুষ্ঠিত হয়। সপ্তাহ যোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই দিৱস ৰাজ্যখনত এখন বিদ্যালয়ত এনেদৰে প্রথম বাৰৰ বাবে অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। পুথিভঁৰাল দিৱস আয়োজনৰ প্ৰাসংগিকতা সম্পৰ্কে অধ্যক্ষ ড৹ মৃগেন লাল দত্তই কয় যে সম্ভাৱনাপূৰ্ণ পাঠকক নিয়মীয়া পাঠক কৰাৰ উদ্দেশ্যে পুথিভঁৰাল সপ্তাহ আয়োজন কৰা হৈছে।

এটা চকলেট খোৱা আৰু এখন কিতাপ পঢ়াৰ মাজত পাৰ্থক্য আছে। এখন কিতাপ পঢ়ি পোৱা আনন্দই এজন ব্যক্তিক সমগ্ৰ জীৱন তৃপ্ত কৰি ৰাখিব পাৰে। পুথিভঁৰাল সপ্তাহৰ লগত সংগতি ৰাখি দলীয় আলোচনা, বক্তৃতা প্ৰদান প্ৰতিযোগিতা, অভিধান অধ্যয়ন, ছবি অঁকা প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

Comments (0)
Add Comment