দুটা বিশেষ খবৰ

বানপানীৰ বিভিষিকাই জোকাৰিছে কেৰালাক। শতিকাটোৰ ভয়াবহ বানত বুৰ গৈছে সমগ্ৰ ৰাজ্যখন। সেয়েহে কেৰালাবাসীয়ে সন্মুখীন হ’ব লগা হৈছে নানা ধৰণৰ সমস্যা। উল্লেখযোগ্য যে কেৰালাত হোৱা বানৰ বাবে আৱদ্ধ হৈ পৰিছে অসমৰ বহুজন। কিয়নো কেৰালাত কোনোৱে উদ্যোগত, কোনোৱে ফেক্টৰীত অথবা কোনোৱে গাড়ী চালক হিচাপে কৰ্মৰত হৈ আছিল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ইতিমধ্যে হেল্পলাইন মুকলি কৰিছে। আমালৈ অহা তথ্য অনুসৰি এতিয়ালৈকে অসমৰ প্ৰায় ১১০০ ব্যক্তিক যোগাযোগ কৰি উদ্ধাৰ কৰিছে। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি বানপানীৰ বাবে অসমৰ যি সকলে ঘৰলৈ আহিবলৈ ইচ্ছুক হৈছে, সেইসকলক ৰেল যোগে আজি অসমলৈ অহাৰ ব্যৱস্থা কৰি দিছে। 

আনহাতে অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ সবিশেষ মহাৰাষ্ট্ৰ স্কুলৰ পাঠপুথিত সন্নিবিষ্ট হৈছে। এই কথা ইতিমধ্যে চ’চিয়েল মেডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। এই সম্পৰ্কত যাদৱ পায়েঙে Nefocus.comৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰত মই বহু বাৰ গৈছো। শিক্ষাৰ পদ্ধতি সংস্কাৰ সাধনৰ বাবে বক্তব্য আগবঢ়াইছিলো। মই বিচাৰো কেৱল মোৰ বিষয়ে নহয়, পৰিবেশ সচেতনতাৰ বিষয়েও ব্যৱহাৰিক ভাৱে জ্ঞান প্ৰদান কৰাটো প্ৰয়োজনীয়। কোমল মনৰ শিশুসকলক যদি পৰিবেশৰ সম্পৰ্কে এতিয়াই জ্ঞান দিয়া নহয়, ভবিষ্যত অন্ধকাৰ হ’ব। মহাৰাষ্ট্ৰৰ প্ৰশাসনৰ দুৰদৰ্শিতাক তেখেতে শলাগ লয়।

Comments (0)
Add Comment