দুটা ভাল খবৰ

চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এখন ফটো। ফটোখনত দেখা গৈছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই এখন স্কুলত শিক্ষাদান কৰিছে। ফটো খনৰ উৎসৰ উমান লৈ আমি কথা পাতিছিলো মুকেশ সাহাৰ লগত। তেখেতে আমাক এনেদৰে জনায়.. মই ভৰলুমুখ সোণাৰাম হায়াৰ ছেকেণ্ডাৰীত অংকৰ শিক্ষা প্ৰদান কৰিছো। ১ ঘণ্টাৰ পৰা ১:৩০ ঘন্টা সময় অংকৰ শিক্ষা প্ৰদান কৰিছো। এবাৰ কোনো অনুষ্ঠানত সেই প্ৰতিষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ সুযোগ পাইছিলো। তেতিয়া জানিব পাৰিছিলো যে অংকৰ সেইসময়ত বিষয় শিক্ষক নাছিল। যিহেতু মই তেতিয়া কৰ্মৰত আছিলো। সেয়েহে শিক্ষা দান কৰিব পৰা নাছিলো। অৱসৰ লোৱাৰ পিছত প্ৰধান শিক্ষকৰ লগত কথা পাতি অংকৰ বিষয়ৰ শিক্ষা দান কৰো। অৱসৰৰ পাছত শিক্ষা দানৰ দৰে মহান বৃত্তিৰে সমাজৰ সেৱা আগবঢ়োৱা মুকেশ সাহাই এতিয়া হাজাৰ জনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিশু সুৰক্ষা তথা অধিকাৰ প্ৰদানত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে আলোচনা হয়। প্ৰায় ৫০ গৰাকী সংবাদ মাধ্যমৰ ব্যক্তিয়ে আলোচনা চক্ৰত অংশ গ্ৰহণ কৰে। আয়োগৰ অধ্যক্ষা সুনিতা চাং কাকতিয়ে আঁত ধৰা আলোচনা চক্ৰত শিশুৰ অধিকাৰ তথা সুৰক্ষাৰ বাবে গাইডলাইন প্ৰস্তত কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

Comments (0)
Add Comment