নীপকোৰ চৌহদত সুধাকণ্ঠ মূৰ্ত্তি স্থাপন

উত্তৰ পূৱ বৈদ্যুতিক শক্তি নিগম লিমিটেড চমুকৈ নীপকো’ৰ অৰুণাচল প্ৰদেশৰ ইয়াজুলিস্থিত ৰঙানদী জলবিদ্যুৎ প্ৰকল্প চৌহদত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৫ নৱেম্বৰত এক সোঁৱৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্প সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত প্ৰকল্প চৌহদত স্থাপন কৰা বিশ্ববন্দিত শিল্পী ড০ ভূপেন হাজৰিকাৰ অৱক্ষ মূৰ্তিটো সেইদিনাই উন্মোচন কৰা হয়। মূৰ্তিটো উন্মোচন কৰে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ মুৰব্বী পৰেশ চন্দ্ৰ বৰ্মনে। এই উপলক্ষে সংস্কৃতিক সমন্বয় সমিতিৰ সভাপতি দিগন্ত বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত প্ৰকল্পৰ মুৰব্বী পৰেশ চন্দ্ৰ বৰ্মনে ভাষণ প্ৰসঙ্গত বিশ্ববন্দিত শিল্পীগৰাকী অসমৰ জাতীয় জীৱনটোলৈ আগবঢ়োৱা মহান অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ পৰিচালিত আৰু অৰুণাচল চৰকাৰৰ প্ৰয়োজনত নিৰ্মিত প্ৰথমখন বোলছবি ‘সেৱা ধৰম মেৰী মা’ৰ অভিনেতা বেন্দিয়া টুলুম, টাব লেলি আৰু টাৱা পকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত সমিতিৰ প্ৰাক্তন সভাপতি অখিল গোস্বামীয়ে স্ব-ৰচিত কবিতা পাঠ, স্থানীয় মহিলাসকলে ৰিথম পাদা নৃত্য পৰিবেশন, নীপকো প্ৰকল্প মহিলাসকলে সমবেত সংগীত পৰিবেশন আৰু কেইবাগৰাকীয়ে বিশ্ববিন্দিত শিল্পীগৰাকীৰ কালজয়ী গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Comments (1)
Add Comment
  • Akhil Chandra Goswami

    Many many thanks to Jayanta Kalita for publishing the news. Looking forward for future news from Yazali, Lower subansiri district of Arunachal Pradesh.