ন চিন্তাৰে উদ্ভাষিত চিল্কৰ সন্মিলন

ৰেচম শিল্পক নতুনত্ব মাত্ৰা প্ৰদান কৰি প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে আগত ৰাখি তথা বিভিন্ন দেশৰ ধাৰণাক বুজ লোৱাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূবত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন সন্মিলন। মহানগৰীৰ হোটেল ৰেডিচন ব্লুত কালিৰে পৰা অনুষ্ঠিত হোৱা সন্মিলনখনত বহুতো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে পাৰাগুৱে, ব্ৰাজিল, চীন, ইজিপ্ত, ইথোপিয়া, ফ্ৰান্স, ঘানা, ভাৰত, জাপান, কেনিয়া, ৰাৱান্দ্ৰা, ৰমোনিয়া, থাইলেণ্ড, টুৰ্কি, উজবেবিস্তান, জাৰ্মানীৰ পৰা অহা প্ৰতিনিধিৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ প্ৰতিনিধিয়ে সন্মিলনখনত অংশগ্ৰহন কৰি নিজ নিজ দেশৰ ৰেচম শিল্পক লৈ থকা ধাৰণাবোৰ উপস্থাপন কৰিছে। এই সন্মিলনত লগ পাইছিলো কেন্দ্ৰীয় বিভাগৰ মেম্বাৰ ছেক্ৰেটাৰী আৰ আৰ অখান্দীয়াক।

তেখেতে চিল্ক বিভাগৰ সৰ্ম্পকে এনেদৰে কয় পূৰ্বৰ তুলনাত চিল্কৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। ৬৫% চিল্ক উত্তৰ-পূৰ্বত উৎপাদন হয়। অসমত সৰ্বাধিক উৎপাদন এৰি কাপোৰ হয়। কিদৰে অধিক ৰূপত চিল্কক প্ৰসাৰ ঘটাব পাৰি তাৰ উদ্দেশ্যেৰে এই সন্মিলনখন অনুষ্ঠিত কৰা হৈছে। সন্মিলনখনৰ সমান্তৰাল ভাৱে চিল্কৰ প্ৰদৰ্শনী, ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। ৰংমেলা আলোচনীৰ উদ্যোগত প্ৰদৰ্শনী স্থলীতে শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সন্মিলনখন কালিলৈ অন্ত পৰিব।

Comments (0)
Add Comment