পলাশবাৰীৰ বৰিহাট চিকিৎসালয়ৰ কৰ্মীক জনসেৱাৰ সম্বৰ্ধনা

দক্ষিণ কামৰূপৰ অগ্ৰণীয় সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভাৰ জনকল্যাণমুলক অনুষ্ঠান জনসেৱাৰ উদ্যোগত আজি পলাশবাৰীৰ বৰিহাটস্থিত উমাকান্ত আৰু চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক তথা কৰ্মীসকলক একোখনকৈ গামোচাৰে সম্বৰ্দ্ধনা জনায়।মহামাৰী ক’ভিড-১৯ ৰ এই সময়ত জনসাধাৰণক নি:স্বাৰ্থভাৱে সেৱা কৰা বাবে জনসেৱাৰ সদস্যসকলে এই সম্বৰ্দ্ধনা জনোৱা হয়।অনুষ্ঠানত জনসেৱাৰ মুখ্য আহ্বায়ক মিতুমনি দাস, আহ্বায়ক ৰাজীৱ চৌধুৰী, হেমন্ত ঠাকুৰীয়া, মণ্টু কলিতা, অনুৰুপ মহন্ত, কল্প কলিতা, আশীষৰঞ্জন দাস, ব্ৰজেন দাস, স্পৰ্শ অসমৰ ৰত্ন দাস, সচেতন নাগৰিক ধৰ্ম দাস আদি উপস্থিত থাকে। সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভাৰ জনকল্যাণমুলক অনুষ্ঠান জনসেৱাৰ এনে আদৰণীয় পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ জনসাধাৰণে।
বাতৰি যুগুতালে জিতুমনি দাসে..

Comments (0)
Add Comment