পশ্চিম গুৱাহাটীৰ বাট পথ চেনিটাইজ কৰিছে..

মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছৰ ভয়াবহ সংক্ৰামণ ৰোধৰ বাবে ২৪মাৰ্চৰ পৰা দেশজুৰি চলি থকা ২১ দিনীয়া লক ডাউনৰ সমান্তৰালভাৱে ৰাজহুৱা স্থান, হাট বজাৰ বাট পথকে জনসমাগম হোৱা অঞ্চল সমূহক বীজাণুমুক্ত আৰু ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ গ্ৰামাঞ্চল উভয়তে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী পৌৰ নিগম,আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সহযোগত চেনিটাইজ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।দেওবাৰে দিনৰ ভাগত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মহানগৰীৰ গডচুকৰ পৰা আমবাৰীলৈ অগ্নি নিৰ্বাপক গাড়ীৰ জৰিয়তে চেনিটাইজ কৰে।এই কাৰ্যসূচীৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যবাহী অভিযন্তা দীপাংকৰ কাকতিকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।জানিব পৰা মতে এই কাৰ্য্যসূচী ১৪এপ্ৰিল পৰ্য্যন্ত চলি থাকিব।

Comments (0)
Add Comment