পহিলা ব’হাগত নিজৰ দিন উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামৰূপ জিলাৰ বঙৰা আঞ্চলিক মঞ্চৰ সৌজন্যত পহিলা বহাগ নিজৰ দিন হিচাপে উদযাপন কৰে। মঞ্চৰ সৌজন্যত বৃহত্তৰ বঙৰা অঞ্চলটোৰ সৰবৰহী ব্যক্তি, সাহিত্যিক গজেন চন্দ্ৰ দাস(৭৫) আৰু আৰক্ষীৰ সাহসী বটা প্ৰাপক ৰমেশ চন্দ্ৰ তালুকদাৰ(৭৪)ক নিজ বাসগৃহলৈ গৈ ফুলাম গামোচা, গেঞ্জি আৰু কিতাপৰ টোপোলাৰে আদৰণী জনোৱাৰ লগতে তেওঁলোকৰ চৰণ চুই আশীষ লয়। অনুষ্ঠানত অংশলৈ বহুবাৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই কয় বয়স কৰ্মৰ খতিয়ান হ’ব  নোৱাৰে। কৰ্মহে মানুহক মহান কৰে। সৎ কৰ্ম কৰা মানুহ যুগে যুগে থাকে। সততাৰ দাম এতিয়াও আছে বুলি ভাষণত উল্লেখ কৰে। অনুষ্ঠানত মঞ্চৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৌৰীকান্ত নাথে কয় ব’হাগ আমাৰ প্ৰেৰণাৰ উৎস। ব’হাগক আমি জ্যেষ্ঠ জনক প্ৰণিপাত কৰিব লাগে। অনুষ্ঠানত মঞ্চৰ সম্পাদক ধৰণীধৰ নাথ, উপসভাপতি মৰ্মেশ্বৰ নাথ, সুবোধ চন্দ্ৰ চৌধুৰী, শিৱ প্ৰসাদ দাস, সদস্য গণেশ চন্দ্ৰ তালুকদাৰ, পদ্মেশ্বৰ কুমাৰ, চন্দ্ৰধৰ ঠাকুৰীয়া, বিজিত চন্দ্ৰ চৌধুৰী, কুশলজিৎ কুমাৰ, গণেশ তালুকদাৰ আদিয়ে অংশ গ্ৰহণ কৰে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Comments (0)
Add Comment