পেৰিচেব’ল কাৰ্গো চেণ্টাৰৰ আধাৰশিলা স্থাপন

অসমৰ কৃষিজাত সামগ্ৰী দেশৰ ভিন্ন প্ৰান্তলৈ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যৰে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা১৯৮৪.৩২ লাখ টকা ব্যয় সাপেক্ষে বৰঝাৰস্থিত বিমান বন্দৰৰ সমীপত পেৰিচেব’ল কাৰ্গো চেণ্টাৰৰ আধাৰশিলা সৰ্বানন্দ সোণোৱালে স্থাপন কৰে।উল্লেখযোগ্য যে ভাৰতৰ চৰকাৰৰ এই প্ৰকল্পলৈ ৰাজ্য চৰকাৰে ৫০লাখ টকা অনুদান আগবঢ়াইছে।প্ৰকল্পটোৰ জৰিয়তে কাৰ্গো হেণ্ডলিংৰ সুবিধা, শীতলীকৰণ ভঁৰাল সুবিধা প্ৰদানকে আদি কৰি কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত উদ্যোগ লোৱা হ’ব।প্ৰকল্প আধাৰশিলা স্থাপনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কৃষি সংস্কৃতিৰ দ্বাৰা ৰাজ্যৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব লাগিব ।কৃষিক মৰ্য্যদাসম্পন্ন বৃত্তি হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য  মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে কাৰ্গো চেণ্টাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অসমৰ কৃষকে বৃহৎ বজাৰ লাভ কৰিব ।এই প্ৰকল্পৰ জৰিয়তে কৃষি উৎপাদিত সামগ্ৰী সমূহ ৰপ্তানিৰ ক্ষেত্ৰত নতুন পথ মুকলি হ’ব ।অনুষ্ঠানত আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব ৰবি, কাপুৰ, বাণিজ্য বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, এ এচ ডি এমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী উপস্থিত থাকে।

Comments (0)
Add Comment