প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ দিলে এগৰাকী অসমীয়া যুৱতীক

দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰশংসাসূচক বাৰ্তা আগবঢ়াই চৰ্চালৈ আহিছে হাজোৰ এগৰাকী যুৱতীয়ে।হাজোৰ পৰিস্মিতা কলিতা নামৰ যুৱতীগৰাকীৰ লগতে মাতৃ আৰু ভগ্নীয়ে মিলি প্ৰস্তুত কৰা পুতলা নাচৰ এটা ভিডিঅ’ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল।
 
তাৰ পিছতেই স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে প্ৰশংসা কৰিছে।উল্লেখযোগ্য যে ভিডিঅ’টোত প্ৰধানমন্ত্ৰীয়ে লক ডাউনৰ সম্পৰ্কে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ ব্যৱহাৰ কৰাৰ লগতে (পোচাক ব্যৱহাৰ কৰি) পুতলা নাচৰ জৰিয়তে প্ৰকাশ কৰিছে।
 
ভিডিঅ’টোত প্ৰধানমন্ত্ৰীগৰাকীলৈ  ৰঙালী বিহুৰ উপলক্ষ্যে প্ৰশংসাৰ সামান্য প্ৰকাশভংগী বুলি মন্তব্য কৰিছে।উল্লেখযোগ্য যে পৰিস্মিতা কলিতাৰ মাক এগৰাকী পুতলা নাচৰ শিল্পী।

Comments (0)
Add Comment