পৰিবেশ সুৰক্ষাৰ স্মাৰক প্ৰদান কৰিলে নিজৰা ফুকনে

অৱশেষত গন্তব্যস্থলীত উপনীত হ’ল নিজৰা ফুকন।প্ৰকৃতি সুৰক্ষা তথা পৰিবেশ সংৰক্ষণৰ দাবী জনাই খোজকাঢ়ি নতুন দিল্লীত উপস্থিত হয়।
বৃক্ষবন্ধু নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত যোৱা ১ডিচেম্বৰত চৰাইদেউৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।যাত্ৰাপথত আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিছিল।
জানিব পৰা মতে নিজৰাই ৮ দিনত পশ্চিম বংগ, ১৫দিনত বিহাৰ অতিক্ৰম কৰি সৰ্বমুঠ ৭০দিনত দিল্লীত উপস্থিত হৈছিল।সমগ্ৰ ভাৰতবৰ্ষত প্ৰকৃতি সুৰক্ষা আইন বলবৎ কৰা, উত্তৰ পূৰ্বাঞ্চলত পৰিবেশ বিশ্ববিদ্যালয় স্থাপন কৰা, পলিথিন আৰু প্লাষ্টিকৰ পৰিৱৰ্তে দেশত উপলব্ধ প্ৰাকৃতিক সম্পদেৰে ব্যৱহাৰ্য সামগ্ৰী নিৰ্মাণ কৰা আদিকে ধৰি বিভিন্ন দাবী সমন্বিত স্বাক্ষৰ পত্ৰ পৰিবেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰক প্ৰদান কৰে।উল্লেখযোগ্য যে চৰাইদেউ লাইচেন গাঁৱৰ নিজৰা ফুকন জে এন ইউ গৱেষণাৰত ছাত্ৰী।

Comments (0)
Add Comment