ফিল্ম ফেয়াৰ এৱাৰ্ডৰ প্ৰস্তুতি তুংগত-টিকট মুকলি হৈছে

দেশৰ সৰ্ববৃহৎ চলচ্চিত্র বঁটা ফিল্মফেয়াৰ অনুষ্ঠানলৈ মাজত মাথো কেইটামান দিন।সাজু হৈছে অসম পৰ্যটন বিভাগ।অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাঁইত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰৰ পৰা বুক মাই শ্ব’ত দৰ্শকৰ বাবে টিকট মুকলি কৰা হৈছে।জানিব পৰা মতে টিকটৰ মূল্য ১০০০ টকাৰ পৰা ৩ লাখ পৰ্যন্ত।ইয়াৰোপৰি ২৫০০,৫ ০০০হাজাৰ,১৫ হাজাৰ,২৫ হাজাৰ,১ লাখ,২ লাখ টকাৰ টিকটো উপলব্ধ হ’ব।উল্লেখ্য যে ১০০০ টকীয়া টিকট ব্ৰঞ্জ জ’ন কেৱল স্কুলীয়া ছাত্র ছাত্ৰীৰ বাবে দিয়া হৈছে।তথ্য অনুসৰি ৬৫ সংখ্যক ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মুঠ ৩০০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে।এই ব্যয়বহুল অনুষ্ঠানলৈ বলীউডৰ জনপ্রিয় অভিনেতা শ্বাহৰুখ খান,কৰণ জোহৰ,ৰিত্বীক ৰোশনকে ধৰি বহু তাৰকা অহাৰ সম্ভাৱনা আছে।ইতিমধ্যে ৰণবীৰ সিং,বিকি কৌশল,আয়ুস্মান খোৰানা আৰু আলিয়া ভাট এই অনুষ্ঠানলৈ অহাৰ নিশ্চিতি প্ৰদান কৰিছে।

Comments (0)
Add Comment