বস্ত্ৰমেলা উদ্বোধন

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আমবাৰীস্থিত কাৰ্য্যালয়ত আজি এখন বস্ত্ৰমেলা শুভাৰম্ভ হয়।মেলাৰ শুভাৰম্ভ কৰে কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত ডক্টৰ বিজয়া চৌধুৰীয়ে।বস্ত্ৰমেলাখনত ১৫খন আগশাৰীৰ বোৱাকটা সমবায় সমিতি আৰু ৫টা বোৱনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ দ্বাৰা উৎপাদিত বস্ত্ৰসম্ভাৰ মেলাত উপলব্ধ হ’ব।উদ্বোধনী অনুষ্ঠানত জয়ন্ত কুমাৰ দাস,ৰঞ্জিত ডেকা, মহেশ্বৰ কলিতা, দিব্যজ্যোতি মজুমদাৰ উপস্থিত থাকে।১৫জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা মেলাখন ১০বজাৰ পৰা ৭বজালৈ খোলা থাকিব।

Comments (0)
Add Comment