বহুভাষিক কবি সন্মিলন সম্পন্ন

শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ পৃষ্ঠপোষকতাত পোন প্ৰথম বাৰৰ বাবে  বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়।
 
 
অসমৰ বিশিষ্ট কবি গজেন মিলিয়ে উদ্বোধন কৰা বহুভাষিক কবি সন্মিলনখন সঞ্চালনা কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভানেত্ৰী মনোমতী কুৰ্মীয়ে । অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসমৰ প্ৰতিষ্ঠিত কবি ভৱেশ মিশ্ৰ আৰু বিশিষ্ট লেখিকা ড০ চাৰু চহৰীয়া নাথে । অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাই ।
 
মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰৱক্তা অশ্বিনী কুমাৰ ডেকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট কবি ললিত কুমাৰ বসুমতাৰী , কবি ভৱেশ মিশ্ৰ, মনোমতী কুৰ্মী, ড০ চাৰু চহৰীয়া নাথ, বিশিষ্ট কবি ছত্ৰমান চুব্বা, যুৱ কবি প্ৰাঞ্জল প্ৰতিম বৰা, উপাসনা বৰা, অধ্যাপিকা গিৰিজা বৰ্মন,
তুলিকা খনিকৰ, চাহিন আহমেদ,প্ৰশান্ত বড়ো, লুণা ৰাভাকে আদি কৰি ভালেসংখ্যক কবি, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সামৰি সৰ্বমুঠ ২৫ গৰাকীকৈ ন পুৰণি কবিয়ে কবিতা পাঠ কৰি পৰিৱেশ মুখৰিত কৰি তোলে।
 
অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় অধ্যক্ষ ড০ ৰঞ্জন কলিতাই । অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বাণেশ্বৰ তালুকদাৰ, জ্যেষ্ঠ প্ৰৱক্তা ৰণেন্দ্ৰ মোহন ডেকাৰ লগতে ছাত্ৰ-ছাত্ৰী, বহুকেইজন কবি, ৰাইজ উপস্থিত থাকে।
খবৰ যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাই।

Comments (0)
Add Comment