বাতৰি কাগজেৰে পোচাক প্ৰস্তুত কৰিলে চাহিনে

লক ডাউনৰ পৰিপেক্ষিতত বিশেষকৈ বিদ্যালয়বোৰ বন্ধ হৈ আছে । ইয়াৰ সমান্তৰালকৈ ছাত্র ছাত্ৰী সকলে ঘৰতে থাকি এক প্ৰকাৰে অতিষ্ঠ হৈ পৰিছে।
 
 
 
বিদ্যালয়বোৰ  বন্ধ হৈ পৰাৰ বাবে অধিকাংশ ছাত্র ছাত্ৰীয়ে অবাবতে সময় নষ্ট কৰাৰ বিপৰীতে একাংশই ঘৰৰ ভিতৰতে কেতবোৰ সৃষ্টিশীল কাৰ্যত নিজকে নিয়োগ কৰি লাভ কৰিছে মানসিক প্ৰশান্তি ।
 
 
কোনোৱে যদি ফুল ৰুইছে, কোনোৱে বিহু নাচিছে । কোনোৱে যদি গান গাইছে কোনোৱে ছবি আঁকিছে । কিন্তু আমি আজি আপোনাক জনাব বিচাৰিছো  এজোৰ পোচাকৰ বিষয়ে, যি পোচাক যোৰে  হয়তো আশাৰ বাৰ্তা কঢ়িয়াই আনিব ফেশ্বন জগতলৈ।
 
 
এজনী চতুৰ্থ শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে বিদ্যালয় বন্ধৰ আপাহতে প্ৰস্তুত কৰি উলিয়াইছে এযোৰ ধুনীয়া পোচাক । উল্লেখযোগ্য যে এই পোচাকেযোৰত কাপোৰ বা আন সামগ্ৰী ব্যৱহাৰ হোৱা নাই । কেৱল কেইখনমান বাতৰি কাগজ, অকণমান আঠা আৰু দুটামান ষ্টেপোলাৰৰ পিন ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে এই পোছাকযোৰ।
 
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ জামুগুৰিৰ ধলাইবিলৰ চাহিন আহমেদ নামৰ কণমানি ছাত্ৰী গৰাকীয়ে অলপতে সাজি উলিয়াইছে উক্ত পোচাক যোৰ । জানিব পৰা মতে মুঠ ৬ খন পুৰণি বাতৰি কাকত ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে এই ফ্ৰকটো ।
 
 
কেৱল এক ঘন্টাৰ ভিতৰত তৈয়াৰ কৰি উলিওৱা পোচাক যোৰ পিন্ধি তাই সহজ ভাৱেই নাচিলে কেইবাপাকো । অৱশ্যে চাহিনে ইউটিউবত প্ৰথম এনে ধৰণে পোচাক প্ৰস্তুত কৰা পদ্ধতি দেখাৰ কথা প্ৰকাশ কৰে ।
 
 
যিযোৰ পোচাকে সম্প্ৰতি চ’চিয়েল মেডিয়াত  হাজাৰ হাজাৰ ৰাইজৰ মাজত ভূয়সী প্ৰশংসা লাভ কৰে  । কণমানি চাহিনে জানিবলৈ দিয়া মতে সম্পূৰ্ণ নিজা চিন্তাৰে সাজযোৰ তৈয়াৰ কৰিছে । তদুপৰি সুন্দৰকৈ বিহুৰ লগতে কেতবোৰ নৃত্য নিখুঁত ভাৱে কৰিব জনা চাহিন এগৰাকী সম্ভাৱনাপূৰ্ণ চিত্ৰকৰ । অতি সুন্দৰ কৈ পেঞ্চিল আৰ্ট, ওৱাতাৰ কালাৰ আদি কৰিব পৰাৰ লগতে গীত গাবলৈ আছে এটি সুন্দৰ কন্ঠ ।
 
 
মনকৰিবলগীয়া যে চাহিনৰ ইয়াৰ উপৰিও আছে আন ভালে মান সৃজনশীল বিদ্যা । জানিব পৰা মতে বাতৰি কাগজেৰে জোতা তৈয়াৰ কৰিও তাই নাচিছে কেইবাদিনো । ধলাইবিলৰ চাইফুদ্দিন আহমেদ আৰু তনুজা আহমেদৰ এক মাত্ৰ কন্যা চাহিনৰ এনে সৃষ্টিশীল চিন্তাই ৰাইজৰ মাজত  বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Comments (0)
Add Comment