বালিপৰাৰ প্ৰকৃতি প্ৰেমী যুৱকক সম্বৰ্ধনা জ্ঞাপন

শোণিতপুৰ জিলাৰ বন সংৰক্ষণ আৰু লেখা মেলাৰ জৰিয়তে সজাগতা সৃষ্টি কৰাত অৰিহণা আগবঢ়োৱাৰ স্বীকৃতি হিচাপে জিলা বনবিভাগে ভাৰতৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত বালিপৰাৰ প্ৰকৃতিপ্ৰেমী যুৱক, প্ৰৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । বৰাক সম্বৰ্ধনাত বনবিভাগৰ হৈ বনবিভাগৰ অবৈতনিক ৱাৰ্ডেন সৌৰভ বৰকটকীয়ে বিভাগটোৰ উত্তৰ-অসম সংমণ্ডলৰ বন সংৰক্ষক যতীন্দ্ৰ নাথ শৰ্মা, জিলা বনবিষয়া ৰঞ্জিৎ কোঁৱৰৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ফুলাম গামোছা , মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰি বনবিভাগে তেখেতে বন সংৰক্ষণ, হস্তী-মানৱৰ সংঘাত হ্ৰাস কৰাত বনবিভাগক কৰা নিঃস্বাৰ্থ সেৱাৰ শলাগ লয় ।

Comments (0)
Add Comment