বিনিয়োগ সন্মিলনে উন্মোচিত কৰা কিছু দিশ

আজিৰে পৰা গুৱাহাটীৰ সৰু সজাঁইত আৰম্ভ হৈছে বিশ্ব বিনিয়োগ সন্মিলন। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সন্মিলনখনত দেশ বিদেশৰ বিনিয়োগকাৰীসকলে অংশ গ্ৰহণ কৰিছে। সন্মিলনখনত বিভিন্ন দেশৰ উদ্যোগপতি, ৰাষ্ট্ৰদূতসকলে অংশ গ্ৰহণ কৰি নিজ নিজ বক্তব্য দাঙি ধৰে। সেই বক্তব্য সমূহ আছিল এনেধৰণৰ– ৰিলায়েণ্স টেলিকম সেৱাৰ চেয়াৰমেন মুকেশ আম্বানিয়ে কয় যে- ৰিলায়েণ্স সেৱাই উত্তৰ পূবত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ কম হাৰত সেৱা আগবঢ়াই আহিছে। অসমখনক A Category ত ৰাখিবলৈ ৰিলায়েণ্স ডিজিটেল ভাৱে প্ৰস্তুত আছে। ডিজিটেল পদ্ধতিৰ জৰিয়তে বহু নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। আগন্তুক দিনত ৰিলায়েণ্সে বিশ্বপৰ্য্যায়ৰ ইক’টুৰিজিম কেন্দ্ৰৰ প্ৰসঙ্গত কাম কৰিব। 

সন্মিলনখনত অংশ গ্ৰহণ কৰি পতঞ্জলিৰ আচাৰ্য্য বালাকৃষ্ণনে মন্তব্য কৰে যে অসমখন তথা উত্তৰপূবত বনস্পতি, ঔষধি গছৰ বাবে চহকী। উত্তৰপূবত পতঞ্জলিয়ে ২৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিব।

আনহাতে স্পাইজেট বিমানৰ চেয়াৰমেন অজয় সিংয়ে কয় যে অসমৰ কৃষি সামগ্ৰী পৰিবহন কৰিব স্পাইজেটে। অসমত SEA প্লেন চলোৱাৰ পৰিকল্পনা আছে। উল্লেখযোগ্য যে চেঞ্চুৰি প্লাইবৰ্ডে ৬ হাজাৰ কোটি বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। সন্মিলনত উপস্থিত থাকি ভূটানৰ প্ৰধান মন্ত্ৰীয়ে ভাৰত আৰু ভূটানৰ সম্পৰ্কৰ কথা সদৰী কৰি কয় যে Trade Free agreement থকাৰ বাবে দেশ দুখনৰ ৰপ্তানি আমদানি ব্যৱস্থা বিনামূলীয়া হ’ব। অহা মাহত অসম আৰু ভূটানৰ মাজত এটা সমন্বয়ৰ উৎসৱ অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

সন্মিলনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনিয়োগকাৰী সকলক দেশৰ সম্ভাৱনাপূৰ্ণ সম্পদ সমূহৰ বিশদ বিৱৰণ দাঙি ধৰি সকলোকে বিনিয়োগত অংশ ল’বলৈ আহ্বান জনায়। এই সম্পৰ্কত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষিক প্ৰধান্য দি জানিবলৈ দিয়ে যে কৃষকসকলক উন্নয়নৰ অৰ্থে চৰকাৰে ১৪ লাখ টকা ব্যয় কৰিব। নতুন হস্পিতাল প্ৰতিষ্ঠা কৰাৰ কথাও ঘোষণা কৰে। আজি সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত বিনিয়োগকাৰীয়ে মন্তব্য কৰা কিছু ইতিবাচক দিশ আগবঢ়োৱা হ’ল। অধিক খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment