বিশ্বনাথৰ কৃষি মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন

জলবায়ু পৰিৱৰ্তনৰ সঘন দৃশ্যপটে আৰু ব্যাপক প্ৰদূষণে সম্প্ৰতি মানৱ জাতিলৈ ভয়াৱহ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। সেয়েহে এখন সেউজীয়া পৃথিৱী গঢ় দিয়াৰ বাবে প্ৰকৃতিৰ প্ৰতি থকা আমাৰ গুৰুদায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিব। পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমিও পৰিৱেশ অনুকূল কৃষিৰ প্ৰসাৰৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছো।এই দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ কৃষি মহাবিদ্যালয়ে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰাৰ লগতে মহাবিদ্যালয়খনৰ চৌহদত এটি গছপুলি ৰোপণ কৰে।

অনুষ্ঠানত অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা,উত্তৰ-পূব আঞ্চলিক পাম যন্ত্ৰপাতি প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰৰ সঞ্চালক ড° ৰাও, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এছ’চিয়েট ডীন ড° ৰমেন বৰ্মন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, বিশ্বনাথ, শোণিতপুৰৰ জিলা কৃষি বিষয়া, মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

Comments (0)
Add Comment