বেত আৰু বাঁহ প্ৰযুক্তিৰ উদ্যান মুকলি

বাঁহৰ সা সামগ্ৰীৰ ব্যৱহাৰ আৰু গুৰুত্ব বৃদ্ধি কৰা, কাৰিকৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা উদ্দেশ্য আগত ৰাখি  ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ অধীনত মুকলি হয় বেত আৰু বাঁহৰ প্ৰযুক্তিৰ এক উদ্যান।মেঘালয়ৰ বৰ্ণিহাটত অৱস্থিত এই উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে।উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰি সিঙে কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই প্ৰকল্প হাতত লোৱা হৈছে । ২০১৪চনৰ পৰা প্ৰকল্পটোৰ কাম কাজ আৰম্ভ কৰা হৈছিল ।উল্লেখযোগ্য যে বাঁহ আৰু বেতৰ শিল্পকৰ্মৰ লগত জৰিত উদ্যমী সকলে ইয়াৰ জৰিয়তে  এখন মঞ্চ লাভ কৰিব ।উদ্যানখনত বিভিন্ন বাঁহৰ সামগ্ৰী প্ৰস্তুতকৰণ,প্ৰদৰ্শনীৰ লগতে বিক্ৰীও ব্যৱস্থা কৰা হৈছে ।উদ্বোধনী অনুুুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment