বয়োজ্যেষ্ঠ লোকসকলৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৰ্তমান ক’ৰ’ণা ভাইৰাছে দ্ৰুতগতিত প্ৰভিৱ পেলাইছে। ভাৰতৰ উত্তৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমতো বৰ্তমানে এই মহামাৰী ক’ৰণা ভাইৰাছে  দ্ৰুততম তাণ্ডৱ চলাই আছে।
 
মহামাৰীৰ কৱলৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে ২১দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল। ইতিমধ্যে ১৪এপ্ৰিলত এই লকডাউনৰ সামৰণি পৰে আৰু ১৪এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ।
 
অসমতো বৰ্তমান চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। এই লকডাউন ঘোষণা কৰা হৈছে ৩মে’ লৈকে। সেয়েহে লকডাউনৰ সৈতে সংগতি ৰাখি অহা ২০ এপ্ৰিললৈ ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে  হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে।
 
অসম আৰক্ষীয়ে ইতিমধ্যে চাৰিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। হেল্পলাইন নম্বৰকেইটা হ’ল ক্ৰমে ৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫।এই হেল্পলাইন নম্বৰ কেইটাত ফোন কৰিলেই প্ৰয়োজনীয় ঔষধ ইত্যাদি আৰক্ষীয়ে  ঘৰতে দিয়াৰ ব্যৱস্থা কৰিব।যদিহে কেনেবাকৈ জৰুৰীভাৱে তেওঁলোক ক’ৰবালৈ যাবলগীয়া হয় তেনেহ’লে তেওঁলোকক সেই জৰুৰী ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থা  অসম আৰক্ষীয়ে কৰিব।

Comments (0)
Add Comment